Bookworm Trust

Written by Punam Hazarika, Librarian, Snehjori

মোৰ নাম পোনম। মই যোৱা আঠ মাহৰ পৰা স্নেহজৰী নামৰ সংস্থাটোত পুথিভঁৰাল পৰিচালক হিচাপে কৰ্মৰত। এই সময়ছোৱাত মই বুকৱৰ্মৰ দ্বাৰা স্নেহজৰীয়ে পোৱা Library mentorship Support অৰ অন্তৰ্গত পুথিভঁৰাল সম্পৰ্কীয় বিভিন্ন জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছো। পুথিভঁৰালত পাঠকৰ উপযোগী কিতাপ বাচনি কৰা, সেই কিতাপসমূহ কেনেদৰে প্ৰদৰ্শন কৰা, পাঠকক কিতাপ এখন পঢ়িবলৈ কেনেদৰে আগ্ৰহী কৰা আদিকে ধৰি কিতাপৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ বিষয়ে মই LMS অৰ দ্বাৰা জানিবলৈ সক্ষম হওঁ।

LMS অৰ মোৰ সাত মাহৰ যাত্ৰাত, মই দেশৰ বিভিন্ন ঠাইত পুথিভঁৰাল সম্পৰ্কীয় কাম কৰি থকা বিভিন্ন সংস্থাৰ সৈতে একে লগে বিভিন্ন বিষয়ত আলোচনা কৰা, মত বিনিময় কৰা আৰু তেওঁলোকৰ কামৰ পৰা বহুতো শিকিবলৈ সুযোগ পালোঁ। আচল কথা কবলৈ গ’লে পুথিভঁৰালক লৈ মোৰ পূৰ্ব ধাৰণা আছিল এনেকুৱা এখন ঠাই য’ত শকত-আবত কিতাপবোৰ আলমাৰীত সজাই থোৱা হয়। কিতাপখনৰ ভিতৰতনো কি কি আছে জানিবলৈ হ’লে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি পাৰ হৈ পুথিভঁৰালৰ কোনোবা চুক এটাত মনেমনে কিতাপৰ পৃষ্ঠাবোৰ লুটিয়াই যাব লাগিব আৰু তাৰ পিছত পঢ়াৰ প্ৰতি লাহে লাহে নিজে নজনাকৈয়ে অনিহাৰ সৃষ্টি হৈ যেন মোৰ ব্যক্তিগত অনুভৱ। কিন্তু মোৰ এই ধাৰণা সম্পূৰ্ণ ভুল প্ৰমাণিত হ’ল যেতিয়াৰ পৰা মই স্নেহজৰীৰ সৈতে জড়িত হলো আৰু LMS ৰ প্ৰতিটো আলোচনা আৰু কাৰ্যকলাপে মোৰ চিন্তাধাৰাক পুথিভঁৰাল এখনক চোৱাৰ দৃষ্টিকোণ সলনি কৰিলে। এই যাত্ৰাত মই কেইবাখনো কিতাপ নিজ ইচ্ছাই আমনি নলগাকৈ উপভোগ কৰিবলৈ সক্ষম হৈছো। তাৰে ভিতৰত “A kite called Korika”,  “I will save my Land”, “Mahabali Mukuna”, “Lost and Found”, “Little Ambu” ইত্যাদি মোৰ কেইখনমান প্ৰিয় কিতাপ ।

LMS কাৰ্যক্ৰমৰ জৰিয়তে মই আমাৰ পুথিভঁৰালৰ শিশুসকলৰ সৈতে এটা সুমধুৰ সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছো। Book talk, book browsing games, thematic display, book bingo, visual arts  ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যকলাপে শিশুক কিদৰে প্ৰভাৱিত কৰে তাৰ বিষয়ে বিতংকৈ আলোচনা কৰা আৰু সেই আলোচনাক নিজৰ কৰ্মক্ষেত্ৰতলৈ লৈ যোৱাত অনন্দিতা আৰু প্ৰিতীয়ে মোক যথেষ্ট সহায় কৰিছিল। পুথিভঁৰাল পৰিচালকৰ হিচাপে নিজকে গঢ় দিয়া যাত্ৰা মোৰ মাথোঁ আৰম্ভ হৈছেহে আৰু মই নিজকে ভাগ্যৱান বুলি ভাবো যে এই যাত্ৰাৰ আৰম্ভণি LMS কাৰ্যক্ৰম জৰিয়তে হৈছে। মোৰ এই যাত্ৰাৰ সকলো সহভাগি আৰু বুকৱৰ্মক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ। এই কাৰ্যক্ৰমে আন বহুতো librarian অক উপকৃত কৰিব এইয়া মোৰ বিশ্বাস।

Exciting Journey of my Library Work

My name is Poonam. I have been working as a librarian in Snehjori for the last eight months. During this time I have been able to gain immense knowledge about libraries under the library mentoring and support program (LMS)  provided to Snehjori by Bookworm. Through LMS, I have learned about various book-related activities, including selecting useful books for the readers, how to display those books, and how to generate interest amongst readers in reading the book.

During my seven months in LMS, I had the opportunity to discuss various library related topics with various organizations working on libraries in different parts of the country and learned a lot. In fact, my preconceived notion of a library was a place where thick books were stacked on shelves. You have to go through a long process of quietly turning the pages of a book in a corner of the library to find out what’s inside and then slowly, unconsciously developing a reluctance to read. This seemed to be my personal feeling.

But when I joined Snehjori, my perception was completely proven wrong and every discussion and activity in the LMS changed the way I thought about looking at a library. During this tenure, I was able to enjoy many books without any hassle. Among them, “A Kite Called Korika”, “I Will Save My Land”, “Mahabali Mukuna”, “Lost and Found”, “Chhota Ambu”, etc. are some of my favorite books.

Through the LMS program, I have been able to establish a warm relationship with the children in our library. Anandita and Priti helped me a lot in discussing in detail how various activities like book discussions, book browsing games, thematic displays, book bingo, visual arts, etc. impact children. My journey of developing myself as a librarian has just begun and I feel fortunate that this journey began through the LMS program. I would like to thank all my colleagues on this journey. I am sure many other librarians will benefit from this program.

 

Annotations

A Kite Called Korika – Author: Sharada Kolluru, Illustrator: K P Muraleedharan

I Will Save My Land – Author: Rinchin, Illustrator: Sagar Kolwankar

Mahabali Mukhna – Author: Aravind Krish Bala, Illustrator: Sandip K. Luis

Lost and Found – Author and Illustrator: Oliver Jeffers

Chhota Ambu – Author: Christy Shoba Sudhir, Illustrator: K P Muraleedharan

 

 

 

 

Leave a Reply